• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যতিক্ৰমৰ ন’ হৰ্ন প্লীজ কাৰ্যসূচী আৰু চিত্ৰশিল্পী ৰবীন বৰক স্বীকৃতি আছাম বুক অব ৰেকৰ্ডছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2018 7:23 pm
byatikram masd

গুৱাহাটী প্ৰেছ ক্লাবৰ বঁটা প্ৰদান অনুষ্ঠানত আছাম বুক অব ৰেকৰ্ডছে ব্যতিক্ৰম মাসডো আৰু শিল্পী ৰবীন বৰক স্বীকৃতি দিছে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ব্যতিক্ৰম মাসডো’ৰ  দ্বাৰা আয়োজিত তিনি মাহজোৰা কাৰ্য্যসূচী ‘ন’ হৰ্ন প্লীজ’ আৰু শিল্পী ৰবীন বৰে লাভ কৰিলে জাতীয় অভিলেখৰ  সন্মান। ‘আছাম বুক অব ৰেকৰ্ডছ’ৰ প্ৰতিষ্ঠাতা মঞ্জিত শৰ্মা দেৱে কয় ‘ব্যতিক্ৰম মাসডো-ৰ উদ্যোগত আয়োজিত ন’ হৰ্ন প্লীজ কাৰ্যসূচীয়ে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। এনে কাৰ্যসূচী ভাৰতত আগেয়ে হাতত লোৱা হোৱা নাছিল।  স্বাভাবিকভাৱেই শব্দ প্ৰদূষণৰ বিৰুদ্ধে সবাতোকৈ অধিক দিন ধৰি চলা কোনো কাৰ্যসূচী হিচাবে জাতীয় ৰেকৰ্ড গঢ়িছে ব্যতিক্ৰম মাসডোই।’

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই খবৰ দেখা মাত্ৰকে আনন্দিত হৈ ব্যতিক্ৰম মাসডো-ৰ সভাপতি ড০ সৌমেন ভাৰতীয়া দেৱে কয় যে, অভিলেখ বা সন্মান কিম্বা পুৰস্কাৰৰ আশাত আমি এই কাৰ্যসূচী হাতত লোৱা নাছিলো। ন’ হৰ্ন প্লীজ কাৰ্যসূচীত আমাৰ প্ৰধান লক্ষ্য আছিল গুৱাহাটী চহৰৰ শব্দ প্ৰদূষণ হ্ৰাস কৰা। আজি ৰাজ্য চৰকাৰৰ সহযোগত  প্ৰতিটো ৰাস্তাৰ কাষত স্থান পাইছে ‘অনৰ্থক হৰ্ণ নবজাব’  চাইনবোৰ্ড সমূহে। আমাৰ কাৰ্যসূচীয়ে সকলোতে যে প্ৰভাৱ পেলাইছে দেখি আমি গৌৰাবান্বিত। আসাম বুক অব ৰেকৰ্ডছৰ স্বীকৃতিয়ে আমাক আৰু  ভাল কাম কৰাৰ অনুপ্ৰেৰণা যোগাব।’

Apply Now

মঞ্জিত শৰ্মা দেৱে আৰু কয় যে, ‘ব্যতিক্ৰম মাসডো-ৰ ‘ন’ হৰ্ন প্লীজ’ ইতিমধ্যে তেওঁলোকৰ ৱেবচাইটত সংকলিত হৈছে। পৰৱৰ্তী সময়ত তেওঁলোকৰ যেতিয়া কিতাপ প্ৰকাশ কৰা হ’ব তেতিয়া এই কাৰ্যসূচীৰ কথা তাত উল্লেখ থাকিব। জাতীয় অভিলেখৰ স্বীকৃতিস্বৰূপে ‘ব্যতিক্ৰম মাসডো’ক এখন মানপত্ৰৰ লগতে অভিলেখৰ প্ৰমাণপত্ৰও আমাৰ ফালৰ পৰা দিয়া হৈছে। ইয়াত শিল্পী ৰবীন বৰকো স্বীকৃতি দিছে পেইন্টিঙৰ ইতিহাসত নতুন আলোড়ণ সৃষ্টি কৰা বাবে। তেখেতে মাত্ৰ ৩ মিনিটত ২×৩ ফুট কাগজত ৩০টা স্কেচ আঁকি উলিয়াইছে।

শিল্পী ৰবীন বৰ দেৱে কয় , ‘ইয়াৰ আগতে একেলগে দুহাতেৰে দুই ধৰণেৰে আঁকিছিলো। এইবাৰ দ্ৰুত গতিত অংকণ কৰিলো ত্ৰিশটা স্কেচ। ৰেকৰ্ডৰ কথা ভবা নাছিলো, নিজকে অলপ পৰীক্ষা কৰিলো, বেলেগ একো নহয়।’

আজি প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত উপস্থিত আছিল পদ্মশ্ৰী সূৰ্য হাজৰিকা, ভাৰত সেৱাশ্ৰম সংঘৰ ডিমাপুৰ শাখাৰ প্ৰধান স্বামী চিন্ময়ানন্দ মহাৰাজ, সাহিত্যিক-সম্পাদক কনকসেন ডেকা, ইউনিয়ন কো-অপাৰেটিভ বেংকৰ চেয়াৰমেন অমৰেশ ৰয় প্ৰমুখ বিশিষ্ট ব্যক্তিসকল।

প্ৰবীণ সাহিত্যিক কনকসেন সেন ডেকাদেৱে কয় , ‘ব্যতিক্ৰম মাসডো-য়ে  খুব ভাল কাম কৰিছে। কেৱল গুৱাহাটীতে নহয়, উত্তৰ-পূৰ্বৰ সকলো  চহৰেই শব্দ প্ৰদূষণ মুক্ত হোৱা উচিত। তাৰ প্ৰথম পদক্ষেপ হ’ল ‘ন’ হৰ্ন’।’

ইউনিয়ন কো-অপাৰেটিভ বেংকৰ চেয়াৰমেন অমৰেশ ৰয়দেবে কয়, ‘প্ৰযুক্তি যিমানে উন্নত হৈছে বৃদ্ধি পাইছে শব্দৰ প্ৰাবল্য। ব্যতিক্ৰম-ৰ নো হৰ্ণ প্লিজ কাৰ্যসূচী গুৱাহাটী মহানগৰীত ভালেই প্ৰভাৱ পেলাইছে। এতিয়া নো হৰ্ণ লৈ সজাগ হ’ব লাগিব জনগণ।’

স্বামী চিন্ময়ানন্দ মহাৰাজ কয় যে  ভাৰত সেৱাশ্ৰম সংঘৰ লগত ব্যতিক্ৰম মাসডোৰ সম্পৰ্ক ১৫ বছৰৰ। তেখেতে ব্যতিক্ৰম এনেদৰে সমাজিক কামত আগ বাঢ়ি যাবলৈ আশিৰ্বাদ কৰে।

পদ্মশ্ৰী সূৰ্য হাজৰিকা দেৱে কয় যে নতুন এটা ব্যতিক্ৰমী ঘটনাৰ সাক্ষী হ’ল অসমৰ জনগণ। ব্যতিক্ৰম আৰু ৰবীন বৰক আমাৰ শুভেচ্ছা তেওঁ শুভেচ্ছা জনায়।

উল্লেখ্য যে নতুন বছৰৰ প্ৰথম দিনা ৰাজভৱনৰ দৰৱাৰ হলৰ পৰা ফ্লেগ অফ্ কৰি ‘ন’ হৰ্ন প্লিজ’ কাৰ্যসূচীৰ উদ্বোধন কৰিছিল অসমৰ মহামান্য ৰাজ্যপাল জগদীশ মুখি দেৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd